“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”
Choose an available translation of this Hadeeth
Hadeeth text
ছামুৰা বিন জুনদুব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”
Explanation
ছুবহানাল্লাহ (سُبْحَانَ اللَّهِ): অৰ্থাৎ মহান আল্লাহ সকলো দোষ-ত্রুটিৰ পৰা পৱিত্র।
আলহাম্দুলিল্লাহ (وَالْحَمْدُ لِلَّهِ): সকলো ধৰণৰ প্রশংসা একমাত্ৰ আল্লাহৰ বাবে। অৰ্থাৎ পৰিপূৰ্ণ মুহাব্বত আৰু মহত্ব সহকাৰে আল্লাহৰ গুণগাণ কৰা।
লা ইলা-হা ইল্লাল্লাহ (وَلاَ إِلَهَ إِلاَّ اللَّهُ): অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।
আল্লাহু আকবাৰ (اللَّهُ أَكْبَرُ): অৰ্থাৎ আল্লাহ সৰ্বশ্রেষ্ঠ, সৰ্বশক্তিমান, সৱাতোকৈ মহান।
এইবোৰ বাক্যৰ ফজীলত আৰু ছোৱাব অৰ্জনৰ বাবে ধাৰাবাহিকতা বজাই ৰখাৰ কোনো প্ৰয়োজন নাই, যিকোনো এটাৰ জৰিয়তে আৰম্ভ কৰিব পাৰি।
Benefits
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

