HadeethEnc · 1.16.0
জুমুআৰ দিনা যিয়ে জানাবতৰ (ফৰজ) গোছল কৰিব, আৰু প্ৰথম সময়ছোৱাতে মছজিদত যাব, তেওঁ দৰাচলতে এটা উট কুৰবানী কৰাৰ ছোৱাব অৰ্জন কৰিব।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জুমুআৰ দিনা যিয়ে জানাবতৰ (ফৰজ) গোছল কৰিব, আৰু প্ৰথম সময়ছোৱাতে মছজিদত যাব, তেওঁ দৰাচলতে এটা উট কুৰবানী কৰাৰ ছোৱাব অৰ্জন কৰিব। দ্বিতীয় সময়ছোৱাত যিয়ে আহিব, তেওঁ অৰ্জন কৰিব এটা গৰু কুৰবানী কৰাৰ ছোৱাব। তৃতীয় সময়ছোৱাত যিয়ে আহিব তেওঁ দুম্বা কুৰবানী কৰাৰ ছোৱাব পাব। চতুৰ্থ সময়ছোৱাত যিয়ে আহিব তেওঁ মুৰ্গী দান কৰাৰ ছোৱাব পাব। আনহাতে যিয়ে পঞ্চম সময়ছোৱাত আহিব তেওঁ কণী এটা দান কৰাৰ ছোৱাব অৰ্জন কৰিব। ইয়াৰ পিছত ইমাম যেতিয়া ওলাই আহে তেতিয়া ফিৰিস্তাসকলে (ৰেজিষ্টাৰ বন্ধ কৰি) মনোযোগ সহকাৰে খুতবা শ্ৰৱণ কৰে।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ দিনা সোনকালে যোৱাৰ ফজিলত উল্লেখ কৰিছে। সূৰ্য্য উদয় হোৱাৰ পৰা ইমাম নহালৈকে এই সময়খিনিত সোনকালে আহিব কোৱা হৈছে। এই সময়ছোৱাক পাঁচ ভাগত বিভক্ত কৰা হৈছে। সূৰ্য্য উদয় হোৱাৰ পৰা ইমাম মছজিদত প্ৰৱেশ কৰি খুতবাৰ বাবে মিম্বৰত আৰোহণ কৰালৈকে এই সময়ছোৱাক পাঁচ ভাগত বিভক্ত কৰা হৈছে।
প্ৰথমঃ যিয়ে ফৰজ গোছলৰ দৰে পৰিপূৰ্ণ গোছল কৰিব আৰু তাৰ পিছত সোনকালেই প্ৰথম সময়ছোৱাত মছজিদলৈ যাব, তেওঁ যেনিবা এটা উট চাদাক্বাহ কৰিলে।
দ্বিতীয়ঃ যিয়ে দ্বিতীয় সময়ছোৱাত যাব, তেওঁ যেনিবা এটা গৰু দান কৰিলে।
তৃতীয়ঃ তৃতীয় সময়ছোৱাত যিয়ে যাব তেওঁ যেনিবা শিং থকা পঠা ছাগলী এটা দান কৰিলে।
চতুৰ্থঃ যিয়ে চতুৰ্থ সময়ছোৱাত যাব, তেওঁ যেনিবা এটা মুৰ্গী দান কৰিলে।
পঞ্চমঃ যিয়ে পঞ্চম সময়ছোৱাত যাব, তেওঁ যেনিবা কণী এটা দান কৰিলে।
এতেকে যেতিয়া ইমাম খুতবাৰ বাবে ওলাই আহে, তেতিয়া দুৱাৰত বহি থকা ফিৰিস্তাসকলে যিসকলে ক্ৰমানুসাৰে মছজিদত প্ৰৱেশ কৰা লোকৰ নাম লিখি আছিল, তেওঁলোকে মনোযোগ সহকাৰে খুতবা শুনা আৰম্ভ কৰে।

03
Benefits
জুমুআৰ দিনা গোছল কৰিবলৈ উৎসাহিত কৰা হৈছে। অৰ্থাৎ জুমুআৰ নামাজৰ বাবে যোৱাৰ পূৰ্বে।
দিনৰ প্ৰথম ভাগতে জুমুআৰ উদ্দেশ্যে যোৱাৰ ফজিলত।
নেক আমলৰ ক্ষেত্ৰত আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে।
হাদীছটোৰ পৰা জানিলোঁ যে, ফিৰিস্তাসকল জুমুআৰ দিনা উপস্থিত হয় আৰু মনোযোগ সহকাৰে খুতবা শুনে।
ফিৰিস্তাসকল মছজিদৰ দুৱাৰত বহি থাকে, তেওঁলোকে জুমুআৰ নামাজৰ বাবে আগমনকাৰীসকলৰ ক্ৰমানুসাৰে নাম লিখে।
ইবনে ৰজব ৰাহিমাহুল্লাহে হাদীছৰ এই বাক্যটোৰ বিষয়ে কৈছে যে, (من اغتسل يوم الجمعة، ثم راح) ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, জুমুআৰ দিনা গোছল কৰাটো মুস্তাহাব। দিনৰ প্ৰথম সময়ছোৱাৰ পৰা জুমুআৰ বাবে যোৱাৰ আগলৈকে গোছল কৰিলেই হ'ল।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares