ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’
Choose an available translation of this Hadeeth
Hadeeth text
উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম বেমাৰৰ সময়ত কৈছেঃ "ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।
Explanation
Benefits
কবৰক মছজিদত পৰিণত কৰিবলৈ গুৰুত্ব সহকাৰে নিষেধ কৰা হৈছে আৰু কঠোৰভাৱে হাৰাম কৰা হৈছে। লগতে জানাজাৰ বাহিৰে, কবৰৰ ওচৰত অথবা কবৰৰ ফলে মুখ কৰি নামাজ পঢ়িবলৈ হাৰাম কৰা হৈছে। কাৰণ এইবোৰ হৈছে শ্বিৰ্কৰ মাধ্যম। ইয়াৰ ফলত মৃত ব্যক্তিৰ প্ৰতি ভক্তি আৰম্ভ হয়, কবৰৰ তাৱাফ, কবৰক চুমা খোৱা আৰু মৃত ব্যক্তিৰ নামকাঢ়ি সহায় প্ৰাৰ্থনা কৰা আদি আৰম্ভ হয়। এই সকলোবোৰ হৈছে শ্বিৰ্ক আৰু শ্বিৰ্কত পতিত হোৱাৰ মাধ্যম।
তাওহীদৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত মনোযোগী আছিল, আৰু কবৰৰ সন্মানৰ ক্ষেত্ৰত সীমালংঘনৰ বিষয়টোকলৈ খুবেই আশংকা কৰিছিল। কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত কৰাৰ এটা মাধ্যম।
মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰক শ্বিৰ্ক কৰ্মৰ পৰা সুৰক্ষিত কৰিছে। লগতে তেখেতৰ কবৰক সুৰক্ষিত ৰাখিবলৈ আৰু উন্মুক্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহে চাহাবাসকলৰ প্ৰতি আৰু তেওঁলোকৰ পৰৱৰ্তী লোকসকলৰ প্ৰতি ইলহাম কৰিছে।
চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উপদেশ আখৰে আখৰে পালন কৰিছিল আৰু তেওঁলোকে তাওহীদৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল।
ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে। কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য্য কৰাটোও হৈছে সিহঁতৰেই অনুকৰণ।
কবৰৰ ওচৰত বা কবৰৰ সন্মুখত নামাজ পঢ়াটোও হৈছে তাক মছজিদত পৰিণত কৰাৰ অন্তৰ্ভুক্ত, যদিও তাত মছজিদ নিৰ্মাণ কৰা হওক বা নহওক।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

