HadeethEnc · 1.16.0
সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজত ছুৰা ফাতিহা নপঢ়াকৈ নামাজ শুদ্ধ নহয়। এইটো হৈছে নামাজৰ এটা ৰুকন, যিটো প্ৰত্যেক ৰাকাততে পাঠ কৰিব লাগে।
03
Benefits
ছুৰা ফাতিহা পাঠ কৰিবলৈ সক্ষম হোৱা সত্ত্বেও যিয়ে নামাজত ইয়াক পাঠ নকৰিব তাৰ নামাজ নহ'ব।
যি ৰাকাতত ছুৰা ফাতিহা পাঠ কৰা নাই, সেইটো বাতিল হ'ব। জানি বুজি হওক বা ভুলতে হওক। কাৰণ এইটো হৈছে ৰুকন। ৰুকন কেতিয়াও এৰা ধৰা নহয়।
মুক্তাদিয়ে যদি ইমামক ৰুকূ অৱস্থাত পায় তেন্তে ছুৰা ফাতিহা নপঢ়িলেও কোনো অসুবিধা নাই।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares