HadeethEnc · 1.16.0
হে আবু জৰ! যেতিয়া তুমি কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবূ জৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "হে আবু জৰ! যেতিয়া তুমি কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আবু জৰ গেফাৰী ৰাদ্বিয়াল্লাহু আনহুক উৎসাহিত কৰিছে যে, যেতিয়া তেওঁ আঞ্জা ৰান্ধিব তেতিয়া যেন তেওঁ আঞ্জাত অকণমান পানী বেছিকৈ দিয়ে, যাতে সেই আঞ্জাৰ পৰা অকণমান প্ৰতিৱেশীকো দিব পাৰে।
03
Benefits
প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
প্ৰতিৱেশীয়ে ইজনে সিজনক হাদিয়া দিয়া মুস্তাহাব। কাৰণ ইয়াৰ ফলত মুহাব্বত বৃদ্ধি হয়। বিশেষকৈ ভাল খাদ্যৰ আয়োজন কৰিলে উপহাৰ হিচাপে আগবঢ়োৱাটো আৰু বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। এইদৰে প্ৰতিৱেশীৰ প্ৰয়োজনত সঁহাৰি দিব লাগে।
সকৰ্ম কৰিবলৈ উৎসাহিত কৰা হৈছে, যদিও সেয়া কম পৰিমাণে হয়। লগতে মুছলিমসকলক উৎফুল্লিত কৰিবলৈ উৎসাহিত কৰা হৈছে।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares