HadeethEnc · 1.16.0
“হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই মোৰ এই ঘৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ “হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
02
Explanation
হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল লোকৰ বিৰুদ্ধে বদ্দুআ কৰিছে, যিসকলে মুছলিমসকলৰ কোনো বিষয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ প্ৰতি ৰূঢ় আচৰণ কৰে তথা তেওঁলোকৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, সেই দায়িত্ব সৰু হওক বা ডাঙৰ, ৰাষ্ট্রীয় সাধাৰণ দায়িত্ব হওক বা আংশিক কোনো দায়িত্ব। তেখেতে বদ্দুআ কৰি কৈছে যে, আল্লাহে যেন সিহঁতৰ প্ৰতিও সমপৰ্যায়ৰ কঠোৰতা অৱলম্বন কৰে তথা সেই অনুপাতেই যেন সিহঁতক প্ৰতিফল দিয়ে।
আনহাতে যিসকলে দায়িত্ব লাভ কৰাৰ পিছত নম্ৰতা অৱলম্বন কৰিব তথা তেওঁলোকৰ সৈতে কোমল আচৰণ কৰিব আৰু তেওঁলোকৰ কামবোৰক সহজ কৰিব, আল্লাহেও তেওঁলোকৰ প্রতি কোমল হ'ব আৰু তেওঁলোকৰ যাৱতীয় কাম সহজ কৰি দিব।
আনহাতে যিসকলে দায়িত্ব লাভ কৰাৰ পিছত নম্ৰতা অৱলম্বন কৰিব তথা তেওঁলোকৰ সৈতে কোমল আচৰণ কৰিব আৰু তেওঁলোকৰ কামবোৰক সহজ কৰিব, আল্লাহেও তেওঁলোকৰ প্রতি কোমল হ'ব আৰু তেওঁলোকৰ যাৱতীয় কাম সহজ কৰি দিব।
03
Benefits
যিয়ে মুছলিমসকলৰ দায়িত্বভাৰ গ্রহণ কৰিব, তেওঁৰ উচিত তেওঁ যেন অধীনস্থ লোকসকলৰ প্ৰতি নম্ৰতা অৱলম্বন কৰে।
কর্ম অনুযায়ীয়ে বিনিময় প্ৰদান কৰা হয়।
কোমলতা আৰু কঠোৰতাৰ মাপকাঠি হৈছে যিটো কোৰআন আৰু ছুন্নাহ বিৰোধী নহয়।
কর্ম অনুযায়ীয়ে বিনিময় প্ৰদান কৰা হয়।
কোমলতা আৰু কঠোৰতাৰ মাপকাঠি হৈছে যিটো কোৰআন আৰু ছুন্নাহ বিৰোধী নহয়।
Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

