সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
ওৱাইল আল-হাজৰামীয়ে কৈছেঃ ছালামা বিন য়াঝীদ আল-জু'ফী ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলঃ হে আল্লাহৰ ৰাছুল! যদি আমাৰ ওপৰত এনেকুৱা লোকে শাসন কৰে যিয়ে আমাৰ পৰা সিহঁতৰ অধিকাৰ পৰিপূৰ্ণৰূপে আদায় কৰে, কিন্তু আমি পাবলগীয়া অধিকাৰ আমাক প্ৰদান নকৰে। তেনে ক্ষেত্ৰত আপোনাৰ নিৰ্দেশনা কি, এইটো শুনি তেখেতে মুখ ঘূৰাই ল'লে। তেওঁ আকৌ সুধিলে, তেখেতে আকৌ মুখ ঘূৰাই ল'লে। এইদৰে তেওঁ দ্বিতীয়বাৰ অথবা তৃতীয়বাৰ সুধিলে, তেতিয়া আশ্বআছ বিন ক্বাইছে তেওঁক টানি ধৰিলে। তেতিয়া তেখেতে ক'লেঃ "সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।"
Explanation
প্ৰশ্নটো শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুখ ঘূৰাই ল'লে। যেনিবা তেখেতে বিষয়টো অপছন্দ কৰিছে। কিন্তু প্ৰশ্নকাৰীয়ে দুবাৰ অথবা তিনিবাৰ প্ৰশ্নটো কৰিলে। এই দেখি আশ্বআচ বিন ক্বাইছ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্নকাৰীক টানি ধৰিলে, যাতে তেওঁ চুপ থাকে।
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰ প্ৰদান কৰি ক'লেঃ সিহঁতৰ কথা শুনিবা আৰু সিহঁতৰ নিৰ্দেশ পালন কৰিবা। কাৰণ নাগৰিকক ন্যায়, ইনচাফ আৰু সিহঁতৰ অধিকাৰ পূৰণৰ যি দায়িত্ব সিহঁতৰ ওপৰত আছে, তাৰ বাবে সিহঁতেই জবাবদিহি হ'ব লাগিব। আনহাতে আনুগত্য কৰা, প্ৰাপ্য অধিকাৰ আদায় দিয়া আৰু ধৈৰ্য্য ধাৰণ কৰা আদি হৈছে তোমালোকৰ দায়িত্ব, ইয়াৰ বাবে তোমালোকে জবাবদিহি হ'ব লাগিব।
Benefits
শাসকে নিজৰ দায়িত্ব পালনত ত্ৰুটি কৰিলেও তাৰ আঁত ধৰি নাগৰিকে নিজৰ দায়িত্ব পালনত অৱহেলা কৰা উচিত নহয়। কাৰণ প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব সম্পৰ্কে জবাবদিহি হ'ব লাগিব। তাৰ ভুল ত্ৰুটি সম্পৰ্কে সোধ-পোচ কৰা হ'ব।
বিনিময়ৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠিত নহয়, বৰং নিজৰ নিজৰ দায়িত্ব পালনৰ ওপৰত প্ৰতিষ্ঠিত, যদিও সন্মুখৰ ব্যক্তিয়ে নিজৰ কৰ্তব্য পালনত অৱহেলা কৰে। হাদীছটোত এইটোৱে উল্লেখ হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

