افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4815[ছহীহ]
HadeethEnc · 1.16.0

নহয়, তাক হত্যা কৰিব নোৱাৰিবা। যদি তুমি তাক হত্যা কৰা তেন্তে তাক হত্যা কৰাৰ পূৰ্বে তোমাৰ যি মৰ্যাদা আছিল সেই মৰ্যাদা সি লাভ কৰিব, আনহাতে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে তাৰ যি স্তৰ আছিল, সেই স্তৰলৈ তুমি নামি যাবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

মিক্বদাদ বিন আমৰ আল-কিন্দী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি মই (যুদ্ধ ক্ষেত্ৰত) কোনো কাফিৰৰ মুখামুখি হওঁ, আমি পৰস্পৰে ইজনে সিজনক আক্ৰমণ কৰাৰ সময়ত, যদি সি তাৰ তৰোৱালেৰে মোৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত মোৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে আশ্ৰয় লয় আৰু ইয়াৰ পিছত যদি কয়ঃ মই আল্লাহৰ উদ্দেশ্যে ইছলাম গ্ৰহণ কৰিলোঁ। এই কথা কোৱাৰ পিছত হে আল্লাহৰ ৰাছুল, মই তাক হত্যা কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা।" তেতিয়া তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কৰ্তন কৰিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা। যদি তুমি তাক হত্যা কৰা তেন্তে তাক হত্যা কৰাৰ পূৰ্বে তোমাৰ যি মৰ্যাদা আছিল সেই মৰ্যাদা সি লাভ কৰিব, আনহাতে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে তাৰ যি স্তৰ আছিল, সেই স্তৰলৈ তুমি নামি যাবা।"
02

Explanation

মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, যদি তেওঁ যুদ্ধ ক্ষেত্ৰত কোনো কাফিৰসকলৰ সৈতে যুদ্ধ কৰাৰ সময়ত, কোনো এজন কাফিৰে তৰোৱালেৰে তেওঁৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত সি তেওঁৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে পলায়ন কৰে আৰু যদি এই কথা স্বীকাৰ কৰি কয় যে, লা ইলাহা ইল্লাল্লাহ (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই)। তেন্তে তাক হত্যা কৰা বৈধ হ'বনে, যিহেতু সি মোৰ এখন হাত কাটি দিছে?

তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লে, তাক হত্যা নকৰিবা।

তেওঁ আকৌ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কাটি দিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে?

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক হত্যা নকৰিবা। কাৰণ তাৰ তেজ প্ৰবাহিত কৰা হাৰাম হৈ পৰিছে। কিয়নো সি ইছলাম গ্ৰহণ কৰাৰ পিছতো যদি তুমি তাক হত্যা কৰা, তেন্তে সি তোমাৰ স্থানত আহি পৰিব, কাৰণ ইছলাম গ্ৰহণৰ পিছত তাৰ তেজ প্ৰবাহিত কৰাটো হাৰাম। পক্ষান্তৰে ইছলাম গ্ৰহণৰ পূৰ্বে যিদৰে তাক হত্যা কৰা বৈধ আছিল, হত্যা কৰাৰ পিছত তুমি তাৰ স্থানলৈ অৱনমিত হ'বা, কাৰণ কিচাচৰূপে তোমাৰ মৃত্যুদণ্ড বৈধ হ'ব।
03

Benefits

যদি কোনোবাই এনেকুৱা কথা অথবা কৰ্ম কৰে যিটোৰ দ্বাৰা তাৰ ইছলাম গ্ৰহণ কৰাটো প্ৰমাণিত হয় তেন্তে তাক হত্যা কৰা হাৰাম।
যুদ্ধক্ষেত্ৰতো যদি কোনো কাফিৰে ইছলাম গ্ৰহণ কৰে, তথাপিও তাক হত্যা কৰা নাযাব। তাৰ পৰা নিজৰ হাত বিৰত ৰখা ওৱাজিব, যেতিয়ালৈকে ইয়াৰ পৰিপন্থী কোনো বিষয় স্পষ্ট নহ'ব।
সাম্প্ৰদায়িকতা আৰু প্ৰতিশোধ গ্ৰহণৰ মানসিকতা এৰি মুছলিমৰ প্ৰবৃত্তি চৰীয়তৰ অধীনস্থ হোৱাটো ওৱাজিব।
ইবনু হাজাৰে কৈছেঃ কোনো বিপদৰ সন্মুখীন হোৱাৰ আগতে সেই বিষয়ে প্ৰশ্ন কৰা বৈধ। যাতে এনেকুৱা পৰিস্থিতিত সঠিকটো অৱলম্বন কৰিব পৰা যায়। ছালাফসকলে এনেকুৱা ক্ষেত্ৰত যিটো বিষয়ে প্ৰশ্ন কৰাটো অপছন্দ কৰিছিল সেয়া হৈছে এনেকুৱা বিষয় যিবোৰ সংঘটিত হোৱাৰ সম্ভৱনা তাকৰ। আনহাতে যিবোৰ ঘটনা সচৰাচৰ সংঘটিত হয় তেনেকুৱা বিষয় সম্পৰ্কে অৱগত হ'বলৈ প্ৰশ্ন কৰাটো বৈধ।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...