افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4535[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।" বৰ্ণনাকাৰীয়ে কৈছেঃ আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই ইয়াতকৈ অতিৰিক্ত আৰু কৈছিলঃ লাব্বাইক লাব্বাইক, অছাদাইক, অলখাইৰু বিয়াদাইক, লাব্বাইক অৰ ৰাগবা ইলাইকা অল আমাল।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হজ্জ আৰু ওমৰাত প্ৰৱেশ কৰি এইদৰে তালবীয়া পাঠ কৰিছিল। (لبيك اللهم لبيك) অৰ্থাৎ মই উপস্থিত হৈছোঁ হে আল্লাহ! মই উপস্থিত হৈছোঁ। ইখলাচ, তাওহীদ আৰু হজ্জৰ যি আহ্বান তুমি কৰিছা, সেই আহ্বানত মই সঁহাৰি দিছোঁ। (لبيك لا شريك لك لبيك) অৰ্থাৎ মই উপস্থিত হৈছোঁ, তুমিয়ে একমাত্ৰ ইবাদতৰ যোগ্য, তোমাৰ ৰুবুবিয়্যত (প্ৰভুত্বত), উলুহিয়্যত (ইবাদতত) আৰু আছমা (নাম) অছিফাতত (গুণাৱলীত) কোনো অংশীদাৰ নাই। (إن الحمد) প্ৰশংসা কেৱল তোমাৰেই। (والنعمة) নিয়ামত অনুগ্ৰহ আদি একমাত্ৰ তুমিয়ে প্ৰদান কৰা। (لك) তুমি যিদৰে বিচৰা সেইদৰে ব্যয় কৰা। (والملك) এইদৰে সাৰ্বভৌমত্বও একমাত্ৰ তোমাৰেই। (لا شريك لك) এই সকলোবোৰ একমাত্ৰ তোমাৰেই, তোমাৰ কোনো অংশীদাৰ নাই। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই অতিৰিক্ত আৰু কৈছিলঃ (لبيك لبيك وسعديك) অৰ্থাৎ হে আল্লাহ! তুমি মোক সুখ শান্তিৰ পিছত সুখ শান্তি দান কৰা। (والخير بيديك) সকলো প্ৰকাৰ কল্যাণ তোমাৰেই হাতত। (لبيك والرغباء إليك) আশা ভৰসা একমাত্ৰ তোমাৰ ওপৰতেই। (والعمل) ইবাদতৰ হকদাৰ একমাত্ৰ তুমিয়েই।
03

Benefits

হজ্জ আৰু ওমৰাত তালবীয়াহ পাঠ কৰিবলৈ অত্যাধিক গুৰুত্ব দিয়া হৈছে। কাৰণ এইটো হৈছে হজ্জ আৰু ওমৰাৰ এটা বিশেষ প্ৰতীক। যিদৰে তাকবীৰ হৈছে নামাজৰ প্ৰতীক।
ইবনুল মুনীৰে কৈছেঃ তালবীয়া পাঠত এই কথাৰ ইংগিত পোৱা যায় যে, ইয়াৰ দ্বাৰা আল্লাহে বান্দাসকলক সন্মানিত কৰিছে, কাৰণ হজ্জ ওমৰাহ পালনকাৰী হৈছে তেওঁৰ ঘৰৰ অতিথি। তেওঁৰ নিমন্ত্ৰণতে ইয়ালৈ অহাটো তেওঁলোকৰ বাবে সম্ভৱ হৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো তালবিয়া পাঠ কৰিছিল সেইটো পাঠ কৰা বেছি উত্তম, ইয়াৰ উপৰিও কিবা পাঠ কৰাত কোনো আপত্তি নাই, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ক্ষেত্ৰতো সন্মতি প্ৰদান কৰিছে। ইবনে হাজাৰে কৈছে: এইটো আটাইতকৈ ন্যায়সংগত মত যে, মাৰফু হিচাপে বৰ্ণিত তালবিয়া পৃথককৈ পঢ়াটোৱে উত্তম। আনহাতে যদি কিবা মাওকুফ (চাহাবাৰ আমল বা কথা) অথবা নিজৰ ফালৰ পৰা আন কোনো দুআ পঢ়িব খোজে, যিটো এই সময়ৰ বাবে উপযুক্ত, সেয়া পৃথকভাৱে পঢ়িব লাগে, যাতে মাৰফু বৰ্ণনাৰ সৈতে মিশ্ৰণ নহয়। এইটো হৈছে তাশ্বাহহুদত পাঠ কৰা দুআৰ দৰে। কাৰণ এই ক্ষেত্ৰত তেখেতে কৈছে: তাশ্বাহহুদৰ দুআসমূহ পাঠ কৰাৰ পিছত তুমি নিজৰ ফালৰ পৰা যি ইচ্ছা সেয়া প্ৰাৰ্থনা কৰিব পাৰা, আৰু তেওঁৰ ওচৰত বিচাৰিব পাৰা।
তালবিয়া উচ্চস্বৰে পাঠ কৰা মুস্তাহাব। এইটো কেৱল পুৰুষসকলৰ বাবে। আনহাতে নাৰীসকলে নিম্নস্বৰে পাঠ কৰিব, যাতে ফিতনাৰ আশংকা নাথাকে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...