HadeethEnc · 1.16.0
পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।"
02
Explanation
পুৰুষ মাহৰাম লগত নোহোৱাকৈ মুছলিম নাৰীৰ বাবে এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত হাদীছটোত স্পষ্টভাৱে হাৰাম কৰিছে।
03
Benefits
ইবনু হাজাৰে কৈছেঃ মাহৰাম নোহোৱাকৈ নাৰীৰ ভ্ৰমণ বৈধ নহয়। হজ্জ আৰু ওমৰাৰ লগতে দাৰুল কুফৰৰ পৰা ওলাই অহাৰ বাহিৰে, এই ক্ষেত্ৰত ইজমা প্ৰতিষ্ঠিত আছে। কিছুমানে আকৌ হজ্জৰ ক্ষেত্ৰতো ইয়াক চৰ্ত হিচাপে লৈছে।
ইছলামী চৰীয়ত হৈছে পূৰ্ণাংগ চৰীয়ত। ই সদায় নাৰীসকলৰ পক্ষত আৰু সিহঁতৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আগভাগ লৈছে।
আল্লাহৰ প্ৰতি ঈমান আৰু আখিৰাতৰ প্ৰতি ঈমানৰ বাবে জৰুৰী হৈছে আল্লাহৰ প্ৰতি বিনীত হোৱা আৰু তেওঁৰ সীমাৰেখা লংঘন নকৰা।
নাৰীৰ মাহৰাম হৈছে তাইৰ স্বামী অথবা সেই ব্যক্তি যাৰ সৈতে চিৰস্থায়ীভাৱে বিবাহ হাৰাম। সেয়া নিকটাত্মীয় হোৱাৰ বাবেই হওক অথবা দুগ্ধপান সম্পৰ্কীয় বিধানৰ বাবেই হওক, নাইবা বিবাহ সম্পৰ্কীয় ক্ষেত্ৰতে হওক। ইয়াৰ লগতে মাহৰাম হ'বলৈ চৰ্ত হৈছে, তেওঁ মুছলিম হ'ব লাগিব, বিবেকসম্পন্ন হ'ব লাগিব আৰু বিশ্বাসযোগ্য হব লাগিব। কিয়নো মাহৰামৰ উদ্দেশ্য হৈছে নাৰীক সুৰক্ষা প্ৰদান কৰা, তাইক চোৱাচিতা কৰা আৰু দায়িত্ব পালন কৰা।
ইমাম বাইহাকীয়ে সেইবোৰ বৰ্ণনা সম্পৰ্কে কৈছে, য'ত উল্লেখ আছে যে, ইমানখিনি দূৰত্বলৈ নাৰীয়ে মাহৰাম নোহোৱাকৈ ভ্ৰমণ কৰিব নোৱাৰে। এইবোৰ বৰ্ণনাৰ দ্বাৰা বুজা যায় যে, প্ৰত্যেক সেই দূৰত্ব যিটোক ছফৰ (ভ্ৰমণ) বুলি কোৱা হয়, তেনেকুৱা ভ্ৰমণ মাহৰাম নোহোৱাকৈ কৰাটো নাৰীৰ বাবে বৈধ নহয়। সেই দূৰত্ব তিনিদিনৰ হওক অথবা দুদিনৰ নাইবা এদিন অথবা কোনো বিশেষ দূৰত্ব। কিয়নো ইবনে আব্বাছৰ দ্বাৰা বৰ্ণিত হাদীছটোৰ ব্যাপক অৰ্থই এইটোৱে প্ৰমাণ কৰে। মুছলিমৰ অন্যান্য বৰ্ণনাৰ তুলনাত এইটো হৈছে শেহতীয়া বৰ্ণনা, য'ত আছে যে, (لا تسافر امرأة إلا مع ذي محرم) "মাহৰাম নোহোৱাকৈ কোনো নাৰীয়েই যেন ভ্ৰমণ নকৰে।" ইয়াত ভ্ৰমণ বুলি গণ্য হোৱা প্ৰতিটো দূৰত্বই অন্তৰ্ভুক্ত। লগতে এইটোও জানি থোৱা উচিত যে, এই হাদীছটো প্ৰশ্নকাৰীৰ অৱস্থা আৰু অৱস্থান অনুসৰি দিয়া হৈছিল।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares