HadeethEnc · 1.16.0
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ঝায়েদ বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।"
02
Explanation
কিছুমান চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালে, ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজৰ বাবে থিয় দিলে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে ঝায়েদ বিন ছাবিতক সুধিলে যে, ছাহৰী শেষ হোৱাৰ পিছত আজান হোৱালৈকে কিমান ব্যৱধান আছিল? তেতিয়া ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মধ্যম গতিত পঞ্চাছ আয়াত পাঠ কৰিব পৰা পৰিমাণ সময়। ইমান দীঘল আয়াতো নহয় আৰু চুটি আয়াতো নহয়, দ্ৰুত গতিতো নহয় আৰু ধীৰ গতিতো নহয়।
03
Benefits
ছাহৰী পলমকৈ অৰ্থাৎ ফজৰৰ আজানৰ আগমূহূৰ্তত খোৱা উত্তম। কিয়নো পলমকৈ খোৱাটো শাৰীৰিকভাৱে উপকাৰী আৰু এইটো দিনতহে বেছি উপকাৰ কৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত একত্ৰিত হৈ তেখেতৰ পৰা শিকিবলৈ চাহাবাসকল খুবেই আগ্ৰহী আছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিছিল। আনকি তেওঁলোকৰ সৈতে বহি আহাৰো কৰিছিল।
ছাহৰী খোৱা বন্ধ কৰাৰ সঠিক সময় হৈছে ফজৰ উদয় হোৱাৰ সময়লৈকে।
"ছাহৰী আৰু আজানৰ মাজত কিমান ব্যৱধান আছিল" ইয়াৰ দ্বাৰা ছাহৰী আৰু ইকামতৰ মাজৰ ব্যৱধানক বুজোৱা হৈছে। কিয়নো বেলেগ এটা হাদীছত আছে যে, "ছাহৰী শেষ কৰাৰ পিছত নামাজত প্ৰৱেশ কৰালৈকে কিমান ব্যৱধান আছিল।" কাৰণ হাদীছবোৰে এটাই আনটোৰ ব্যাখ্যা কৰে।
মুহাল্লাবে কৈছেঃ ইয়াত শৰীৰৰ কৰ্মৰ দ্বাৰা সময় নিৰ্ধাৰণ কৰা হৈছে। কিয়নো সাধাৰণতে আৰবীয়ানসকলে বিভিন্ন কৰ্মৰ দ্বাৰা সময়ৰ পৰিমাপ কৰিছিল। যেনে- তেওঁলোকে কৈছিলঃ এটা ছাগলীৰ গাখীৰ খিৰোৱাৰ সময় পৰিমাণ। এইদৰে উট জবেহ কৰাৰ সময় পৰিমাণ। কিন্তু ঝায়েদ বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহুৱে সেই প্ৰাচীন পৰিমাপ ত্যাগ কৰি তিলাৱতৰ দ্বাৰা পৰিমাপ কৰিছে। কিয়নো এই সময়টো হৈছে ইবাদতৰ তথা তিলাৱতৰ। ইয়াৰ বাহিৰে তেওঁ যদি বেলেগ পদ্ধতিৰে পৰিমাপ কৰিলেহেঁতেন তেন্তে এইদৰে ক'লেহেঁতেনঃ এটা ছিঢ়ি উঠাৰ সময়, অথবা এক ঘণ্টাৰ তৃতীয় অথবা পঞ্চম ভাগ সময়।
ইবনে আবী হামঝাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতৰ বাবে সেইটোকে গ্ৰহণ কৰিছিল যিটো সিহঁতৰ বাবে পালন কৰা সহজ। কিয়নো তেখেতে যদি ছাহৰী নকৰিলেহেঁতেন তেন্তে তেওঁৰ অনুসৰণ কৰি উম্মতৰ লোকসকলেও ছাহৰী নকৰিলেহেঁতেন কিন্তু ইয়াৰ ফলত কিছুমান লোকৰ বাবে কষ্টকৰ হ'লহেঁতেন। এইদৰে তেখেতে যদি মধ্য ৰাতিত ছাহৰী কৰিলেহেঁতেন তেতিয়াও কিছুমানৰ বাবে কষ্টকৰ হ'লহেঁতেন। বিশেষকৈ সেইসকল লোকৰ বাবে যিসকলে টোপনিত থাকে। মধ্য ৰাতিত ছাহৰী খালে বহুতেই ফজৰৰ নামাজ পঢ়িব নোৱাৰিলেহেঁতেন, অথবা ইয়াৰ বাবে সাৰে থাকিবলগীয়া হ'লহেঁতেন।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares