HadeethEnc · 1.16.0
দুগ্ধপানৰ জৰিয়তেও সেইবোৰ আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন হাৰাম হৈ পৰে, যিবোৰৰ সৈতে বংশীয় কাৰণত হাৰাম।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দুগ্ধপানৰ জৰিয়তেও সেইবোৰ আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন হাৰাম হৈ পৰে, যিবোৰৰ সৈতে বংশীয় কাৰণত হাৰাম।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, দুগ্ধপানৰ জৰিয়তেও বৈবাহিক সম্পৰ্ক স্থাপন কৰা হাৰাম হৈ যায়, যিদৰে বংশীয় কাৰণত ভাই ককাই, মামা, খুৰাৰ সৈতে বিবাহ হাৰাম। ঠিক সেইদৰে বংশীয় কাৰণত যিবোৰ হালাল হয়, দুগ্ধপানৰ কাৰণেও সেইবোৰ বিধান বৈধ হয়।
03
Benefits
দুগ্ধপান সম্পৰ্কীয় বিধি-বিধানৰ ক্ষেত্ৰত এই হাদীছটো হৈছে এটা অন্যতম মূলনীতি।
ইবনু হাজাৰে হাদীছৰ এই বাক্য সম্পৰ্কে কৈছেঃ (الرضاعة تحرم ما تحرم الولادة) অৰ্থাৎ দুগ্ধপানৰ জৰিয়তেও সেইবোৰ আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰা হাৰাম হৈ পৰে, যিবোৰৰ সৈতে বংশীয় কাৰণত হাৰাম। এই ক্ষেত্ৰত ইজমা আছে অৰ্থাৎ সকলোৱে একমত। দুগ্ধপান কৰা শিশু আৰু দুগ্ধপান কৰোৱা নাৰীৰ সন্তানসকলৰ মাজত এই হাৰামৰ বিধান প্ৰযোজ্য হয়। আত্মীয়সকলৰ দৰেই সিহঁতৰ সৈতে নিৰ্জনতা, ভ্ৰমণ আৰু সিহঁতৰ প্ৰতি দৃষ্টিপাত কৰাৰ অনুমতি আছে। কিন্তু মাতৃত্বৰ অন্যান্য বিধান এই ক্ষেত্ৰত প্ৰযোজ্য নহয়। উদাহৰণস্বৰূপে, মীৰাছ, ভৰণ-পোষণ, দাসত্বৰ পৰা মুক্তি, সাক্ষ্য, পাৰিশ্ৰমিক দান আৰু কিচাচ বাতিলকৰণ আদি।
এই কথাৰ প্ৰমাণ যে, দুগ্ধপানৰ জৰিয়তে বৈবাহিক সম্পৰ্ক স্থাপন কৰা চিৰস্থায়ীভাৱে হাৰাম হৈ পৰে।
অন্যান্য হাদীছৰ দ্বাৰা প্ৰমাণিত যে, শিশুৰ প্ৰথম দুই বছৰৰ সময়ছোৱাত ইচ্ছাকৃতভাৱে জানি বুজি পাঁচটা পিয়াহ খালেই এই হাৰাম প্ৰযোজ্য হৈ পৰে।
বংশীয় কাৰণত হাৰাম হোৱা আত্মীয়সকল হৈছেঃ মাতৃসকল, ইয়াৰ ভিতৰত আইতা আৰু তাৰ ওপৰত যিমান দূৰলৈ যায় সেই সকলো অন্তৰ্ভুক্ত। মাকৰ ফালৰ পৰা হওক বা বাপেকৰ ফালৰ পৰা। জীয়েকসকলঃ ইয়াৰ ভিতৰত জীয়েকৰ জীয়েক আৰু পুত্ৰৰ জীয়েকো অন্তৰ্ভুক্ত, লগতে ইয়াৰ তলত যিমান দূৰলৈ যায় সেই সকলো ইয়াৰ অন্তৰ্ভুক্ত। বাই-ভনীসকলঃ বাপেকৰ ফালৰ পৰা হওক বা মাকৰ ফালৰ পৰা অথবা সহোদৰ। জেঠাই-পেহীসকলঃ ইয়াৰ ভিতৰত বাপেকৰ সকলো বাই-ভনী অন্তৰ্ভুক্ত, সহোদৰ হওক বা নহওক। এইদৰে আতা বা পিতামহৰ বাই-ভনী আৰু তাৰ ওপৰত যিমান দূৰলৈ যায় সেই সকলো ইয়াৰ অন্তৰ্ভুক্ত। জেঠাই-মাহীসকলঃ ইয়াৰ ভিতৰত মাকৰ সকলো বাই-ভনী অন্তৰ্ভুক্ত, সহোদৰ হওক বা নহওক। এইদৰে আইতাৰ বাই-ভনী আৰু তাৰ ওপৰত যিমান দূৰলৈ যায় সেই সকলো ইয়াৰ অন্তৰ্ভুক্ত। আইতা মাকৰ ফালৰ পৰা হওক বা বাপেকৰ ফালৰ পৰা। ভতিজী, ভাগিনী আৰু সিহঁতৰ জীয়েক সকলো হাৰাম।
এইদৰে দুগ্ধপানৰ জৰিয়তেও সেইবোৰ আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰা হাৰাম হৈ পৰে, যিবোৰৰ সৈতে বংশীয় কাৰণত হাৰাম। কিন্তু দুগ্ধপানৰ জৰিয়তে হোৱা ভাতৃৰ মাক আৰু দুগ্ধপানৰ জৰিয়তে হোৱা পুত্ৰৰ বাই-ভনী হাৰাম নহয়।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares