কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে মুমিন বান্দাক নিজৰ ওচৰত মাতি নিব, আনকি কাষত টানি নি আৱৰণেৰে ঢাকি ল'ব। ইয়াৰ পিছত তাৰ পৰা গুনাহৰ স্বীকাৰোক্তি ল'ব।
Choose an available translation of this Hadeeth
Hadeeth text
চাফৱান বিন মুহৰিঝৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ইবনে ওমৰক এজন ব্যক্তিয়ে সুধিলে যে, কিয়ামতৰ দিনা মহান আল্লাহ আৰু তেওঁৰ মুমিন বান্দাৰ মাজত হ'বলগীয়া একান্ত কথা-বতৰা সম্পৰ্কে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? তেতিয়া তেওঁ ক'লে যে, মই শুনিছোঁ তেখেতে কৈছেঃ "কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে মুমিন বান্দাক নিজৰ ওচৰত মাতি নিব, আনকি কাষত টানি নি আৱৰণেৰে ঢাকি ল'ব। ইয়াৰ পিছত তাৰ পৰা গুনাহৰ স্বীকাৰোক্তি ল'ব। মহান আল্লাহে সুধিবঃ তুমি তোমাৰ এই গুনাহ সম্পৰ্কে জানানে? সি ক'বঃ হয়, হে মোৰ প্ৰতিপালক মই জানো। তেতিয়া আল্লাহে ক'বঃ চোৱা, মই পৃথিৱীত তোমাৰ এই গুনাহ গোপন ৰাখিছিলোঁ, আৰু আজি ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ আমলনামা প্ৰদান কৰা হ'ব। পক্ষান্তৰে কাফিৰ আৰু মুনাফিকসকলৰ অৱস্থা হ'ব এনেকুৱা যে, সিহঁতক গোটেই লোকসকলৰ সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, চোৱা, ইহঁতেই হৈছে সেইসকল লোক যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল।"
Explanation
কিয়ামতৰ দিনা আল্লাহে মুমিন বান্দাক কাষত মাতি নিব আৰু উপস্থিত সকলো লোকৰ পৰা তাক পৰ্দা আবৃত কৰি ল'ব, আনকি সেই গোপনীয়তা কোনেও ভেদ কৰিব নোৱাৰিব। মহান আল্লাহে তাক সুধিবঃ
তুমি তোমাৰ এই এই গুনাহ সম্পৰ্কে জানানে....., তেতিয়া বান্দাই নিজ প্ৰতিপালকৰ সন্মুখত সেইবোৰ স্বীকাৰ কৰিব।
আৰু ক'বঃ হয়, মই জানো, হে মোৰ প্ৰতিপালক।
এইবোৰ দেখি বান্দা আতংকিত হ'ব আৰু ভীত-সন্ত্ৰস্ত হ'ব। তেতিয়া পৱিত্ৰ মহান আল্লাহে ক'বঃ শুনা! পৃথিৱীত মই তোমাৰ এইবোৰ গুনাহ গোপন কৰি ৰাখিছিলোঁ, আৰু চোৱা, আজি এইবোৰ ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ ছহীফা (আমলনামা) প্ৰদান কৰা হ'ব।
আনহাতে কাফিৰ আৰু মুনাফিকসকলৰ বিষয়ে সকলোৰে সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত মিছা আৰোপ কৰিছিল। জানি থোৱা! অন্যায়কাৰীসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত।
Benefits
সাধ্য অনুসৰি মুমিন ব্যক্তিৰ দোষ-ত্ৰুটি লুকুৱাই ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
বান্দাৰ সকলো আমল মহান ৰাব্বুল আলামীনৰ ওচৰত লিপিবদ্ধ আছে। এতেকে যিয়ে নেক আমল কৰে, তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা উচিত। আনহাতে যিয়ে নেক কৰ্মৰ বাহিৰে বেলেগ কৰ্ম কৰে, সি কেৱল নিজকে ভৰ্ৎসনা কৰা উচিত। কাৰণ এইবোৰ হৈছে আল্লাহৰ ইচ্ছাধীন।
ইবনে হাজাৰে কৈছেঃ বিভিন্ন হাদীছৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, কিয়ামতৰ দিনা গুনাহগাৰ মুমিনসকলক দুই ভাগত বিভক্ত কৰা হ'ব। প্ৰথমভাগ হৈছেঃ যিসকলৰ গুনাহ নিজৰ আৰু আল্লাহৰ মাজত সীমাবদ্ধ। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ দ্বাৰা প্ৰমাণিত হয় যে, ইহঁতকো দুই ভাগত বিভক্ত কৰা হ'ব। এটা হৈছে, যিসকলৰ গুনাহ পৃথিৱীত গোপন আছিল, কিয়ামতৰ দিনাও আল্লাহে সিহঁতৰ এই গুনাহ গোপন কৰি ৰাখিব। উক্ত হাদীছৰ শব্দৰ দ্বাৰা এই কথা স্পষ্ট। দ্বিতীয় প্ৰকাৰ হৈছে, যিসকলৰ গুনাহ প্ৰকাশ্য আছিল। হাদীছৰ অৰ্থই প্ৰমাণ কৰে যে, ইহঁতৰ বিষয়টো হ'ব উক্ত প্ৰকাৰৰ বিপৰীত। দ্বিতীয় ভাগ হৈছেঃ যিসকলৰ গুনাহ বান্দাৰ সৈতে সম্পৰ্কিত। ইহঁতকো দুই ভাগত বিভক্ত কৰা হ'ব। এটা প্ৰকাৰ হৈছে, যিসকলৰ গুনাহতকৈ নেকীৰ পৰিমাণ বেছি। এইসকল লোকক জাহান্নামত নিক্ষেপ কৰা হ'লেও শ্বাফাআতৰ জৰিয়তে তাৰ পৰা পৰিত্ৰাণ পাব তথা ওলাই আহিব। দ্বিতীয় প্ৰকাৰটো হৈছে, যিসকলৰ নেকী আৰু গুনাহ সমান সমান থাকিব, ইহঁত তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, যেতিয়ালৈকে সিহঁতৰ গুনাহৰ প্ৰতিশোধ সম্পূৰ্ণ নহয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

