HadeethEnc · 1.16.0
যিয়ে এইটো পছন্দ কৰে যে, কিয়ামতৰ দিনা যেন আল্লাহে তাক কঠিন বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে তেওঁ যেন ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়ে, অথবা ক্ষমা কৰি দিয়ে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ এবাৰ এজন ঋণগ্ৰহীতাক বিচাৰি গ'ল, যিয়ে তেওঁৰ পৰা ঋণ লৈ পলাই ফুৰিছিল। অৱশেষত তেওঁ তাক বিচাৰি পালে। ঋণ লোৱা ব্যক্তিজনে ক'লেঃ মই বৰ কঠিন সময় পাৰ কৰি আছোঁ। তেওঁ ক'লেঃ তুমি সঁচাই কৈছানে, তেন্তে আল্লাহৰ শপত খোৱা। সি ক'লেঃ আল্লাহৰ শপত। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যিয়ে এইটো পছন্দ কৰে যে, কিয়ামতৰ দিনা যেন আল্লাহে তাক কঠিন বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে তেওঁ যেন ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়ে, অথবা ক্ষমা কৰি দিয়ে।"
02
Explanation
আবু ক্বাতাদাহ এবাৰ এজন ঋণ লোৱা ব্যক্তিক বিচাৰি গ'ল, যিয়ে তেওঁৰ পৰা ঋণ লৈ পলাই ফুৰিছিল। অৱশেষত তেওঁ তাক লগ পালে। ঋণ লোৱা ব্যক্তিজনে ক'লেঃ মই ঋণ পৰিশোধ কৰিবলৈ অক্ষম, মোৰ অৱস্থা কঠিন। আপোনাৰ ঋণ পৰিশোধ কৰিব পৰা ধন মোৰ ওচৰত নাই।
এই কথা শুনি আবু ক্বাতাদাই তেওঁক শপত খোৱালে যে, শপত খাই কোৱা যে, তোমাৰ ওচৰত কোনো সম্পদ নাই।
তেতিয়া সি আল্লাহৰ শপত খাই ক'লে যে, সি কোৱা কথাখিনি সত্য।
তেতিয়া আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
যিয়ে পছন্দ কৰে তথা বিচাৰে যে, আল্লাহে তাক কিয়ামতৰ দিনা কঠিন বিপদৰ পৰা তথা ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা কৰক, তেন্তে তেওঁ ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়া উচিত তথা ঋণ পৰিশোধ কৰিবলৈ অধিক সময় দিয়া উচিত। অথবা ঋণৰ কিছু অংশ নাইবা সমূলি মাফ কৰি দিয়া উচিত।

03
Benefits
কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ব্যক্তিক ঋণ পৰিশোধৰ ক্ষেত্ৰত অৱকাশ দিয়াটো মুস্তাহাব। আনকি তাৰ আংশিক ঋণ নাইবা ঋণৰ সম্পূৰ্ণ ধন মাফ কৰি দিয়া উচিত।
পৃথিৱীত যিয়ে কোনো মুমিনক কোনো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব, আল্লাহে তাক কিয়ামতৰ দিনা কঠিন বিপদৰ পৰা ৰক্ষা কৰিব। যিয়ে যেনেকুৱা আমল কৰিব সি তেনেকুৱাই ফল পাব।
নিয়ম মতে, ফৰজ হৈছে নফলতকৈ উত্তম। কিন্তু বিশেষ কিছুমান সময়ত নফলো ফৰজতকৈ উত্তম হয়। যেনে- ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিৰ ঋণ মাফ কৰি দিয়াটো হৈছে নফল। পক্ষান্তৰে ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰা, অপেক্ষা কৰা, আৰু বাৰে বাৰে ঘূৰাই নিবিচৰাটো হৈছে ফৰজ। এতেকে এই ক্ষেত্ৰত নফল হৈছে ফৰজতকৈ উত্তম।
এই হাদীছটো সেই ব্যক্তিৰ বিষয়ে আহিছে, যিয়ে ঋণ পৰিশোধ কৰিবলৈ অক্ষম। তেনেকুৱা ব্যক্তিৰ ঋণ মাফ কৰি দিয়া বা ঋণ পৰিশোধৰ বাবে অৱকাশ দিয়াটো চৰীয়ত সন্মত। কিন্তু যাৰ ওচৰত ঋণ পৰিশোধ কৰাৰ ধন আছে, তথাপিও ঋণ পৰিশোধত অৱহেলা কৰে, তেনেকুৱা লোকৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ধনী ব্যক্তিয়ে ঋণ পৰিশোধ কৰাত অৱহেলা কৰাটো হৈছে অন্যায়।"

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares