জান্নাতৰ এটা দুৱাৰ আছে, যাক ৰায়্যান বুলি কোৱা হয়। কিয়ামতৰ দিনা সেই দুৱাৰেৰে ৰোজাদাৰসকলে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে আন কোনেও সেই দুৱাৰেৰে প্ৰৱেশ কৰিব নোৱাৰিব।
Choose an available translation of this Hadeeth
Hadeeth text
ছাহল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতৰ এটা দুৱাৰ আছে, যাক ৰায়্যান বুলি কোৱা হয়। কিয়ামতৰ দিনা সেই দুৱাৰেৰে ৰোজাদাৰসকলে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে আন কোনেও সেই দুৱাৰেৰে প্ৰৱেশ কৰিব নোৱাৰিব। কোৱা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে প্ৰৱেশ কৰাৰ বাবে সাজু হ'ব, তেওঁলোকৰ বাহিৰে কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।"
Explanation
Benefits
মহান আল্লাহে জান্নাতৰ আঠটা দুৱাৰৰ মাজৰ পৰা এটা দুৱাৰ ৰোজাদাৰসকলৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে। যেতিয়া তেওঁলোকে প্ৰৱেশ কৰিব, তেতিয়া সেই দুৱাৰ বন্ধ কৰি দিয়া হ'ব।
হাদীছটোত বৰ্ণিত হৈছে যে, জান্নাতৰ দুৱাৰ আছে।
ছিন্ধীয়ে কৈছেঃ (أين الصائمون) ৰ দ্বাৰা সেইসকল লোকক বুজোৱা হৈছে, যিসকলে বেছি বেছি ৰোজা পালন কৰে। যেনে- ন্যায়পৰায়ণ লোকে সদায় ন্যায় কৰে আৰু অন্যায়কাৰীয়ে অন্যায় কৰে। কোৱা হৈছে, যিয়ে নিয়মিতভাৱে ৰোজা পালন কৰে। কোনোবাই এবাৰ পালন কৰিলেই ইয়াৰ অন্তৰ্ভুক্ত নহয়।
(الريان) ৰ অৰ্থ হৈছে, যিয়ে তৃষ্ণা নিবাৰণ কৰে। কিয়নো ৰোজাদাৰসকলে বিশেষকৈ গৰমৰ দিনবোৰত প্ৰচণ্ড গৰমত তৃষ্ণাতুৰ হৈ দিন অতিবাহিত কৰে। সেয়ে তেওঁলোকক এই নামৰ সৈতে সম্পৃক্ত আৰ-ৰায়্যান নামক দুৱাৰৰ দ্বাৰা পুৰস্কৃত কৰা হ'ব। আনহাতে কিছুমানে কৈছে, ৰায়্যান হৈছে "فعلان" মানদণ্ডৰ পৰা গৃহীত। যাৰ অৰ্থ হৈছে অধিক তৃপ্তি অৰ্জন, তৃষ্ণাৰ বিপৰীত। এই নাম এই কাৰণে দিয়া হৈছে যে, এইটো হৈছে ৰোজাদাৰসকলৰ ভোক পিয়াহৰ প্ৰতিদান।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

