তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।
Choose an available translation of this Hadeeth
Hadeeth text
মা'দান বিন আবি ত্বালহা আল-য়া'মাৰিৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আযাদকৃত দাস ছাওবানৰ সৈতে সাক্ষাৎ কৰিলোঁ। মই ক'লোঁঃ মোক এনেকুৱা এটা আমল সম্পৰ্কে জনাওক, যিটো কৰিলে আল্লাহে মোক জান্নাতত প্ৰৱেশ কৰাব। অথবা তেওঁ কৈছিল যে, মই ক'লোঁঃ আল্লাহৰ দৃষ্টিত সৰ্বাধিক উত্তম আমল কোনটো? কিন্তু তেওঁ উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, তথাপিও তেওঁ একো নক'লে। ইয়াৰ পিছত মই তৃতীয়বাৰ সুধিলোঁ, তেতিয়া তেওঁ ক'লেঃ ময়ো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলোঁ, তেখেতে কৈছিলঃ "তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।" মা'দানে কৈছেঃ ইয়াৰ পিছত মই আবু দাৰদাৰ সৈতে সাক্ষাৎ কৰিলোঁ, তেখেতকো সেই একেই প্ৰশ্ন কৰিলোঁ, আৰু তেখেতেও সেই একেই উত্তৰ দিলে যিটো ছাওবানে দিছিল।
Explanation
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নকাৰীক কৈছিলঃ বেছি বেছি ছাজদাহ কৰা অৰ্থাৎ নামাজ পঢ়া। কাৰণ আল্লাহৰ বাবে কৰা তোমাৰ প্ৰতিটো ছাজদাৰ বিনিময়ত তোমাৰ মৰ্যাদাৰ এটাকৈ ধাপ উন্নীত হ'ব আৰু তোমাৰ এটা এটাকৈ গুনাহ ক্ষমা কৰা হ'ব।
Benefits
হাদীছটোত চাহাবাসকলৰ বোধ আৰু জ্ঞানৰ উমান পোৱা গৈছে। কাৰণ তেওঁলোকে জানিছিল যে, আল্লাহৰ ৰহমতৰ পিছত, আমল অবিহনে জান্নাত লাভ কৰাটো সম্ভৱ নহয়।
নামাজত কৰা ছাজদাহ হৈছে মৰ্যাদা উন্নীত হোৱাৰ আৰু গুনাহ ক্ষমা হোৱাৰ অন্যতম কাৰণ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

