আল্লাহৰ বাণী: (অর্থ) “তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক।” ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাই এই বিষয়ে কৈছেঃ এইবোৰ হৈছে নূহ সম্প্রদায়ৰ পূণ্যৱান লোকসকলৰ নাম।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনু আব্বাছ ৰাদিয়াল্লাহ আনহুমাৰ পৰা বৰ্ণিত, “আল্লাহৰ বাণী: (অর্থ) “তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক।” ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাই এই বিষয়ে কৈছেঃ এইবোৰ হৈছে নূহ সম্প্রদায়ৰ পূণ্যৱান লোকসকলৰ নাম। এই লোকসকল মৃত্যুবৰণ কৰাৰ পিছত চয়তানে তেওঁলোকৰ সম্প্ৰদায়ক বুদ্ধি দিলে যে, তোমালোকে তেওঁলোকৰ বৈঠকৰ স্থানত মূৰ্ত্তি নিৰ্মাণ কৰা আৰু সেইবোৰক তেওঁলোকৰ নামেৰে নামকৰণ কৰা। সিহঁতে সেইটোৱে কৰিলে, কিন্তু উপাসনা কৰা নাছিল। কিন্তু যেতিয়া এই লোকসকল মৃত্যুবৰণ কৰিলে আৰু ইল্ম পাহৰি গ’ল তেতিয়া সেই মূৰ্ত্তিবোৰৰ ইবাদত কৰা আৰম্ভ হ’ল। ছহীহ – এই হাদীছটোক বুখাৰীয়ে বর্ণনা কৰিছে।
Explanation
Benefits
মূৰ্ত্তি নিৰ্মাণ কৰা আৰু মূৰ্ত্তি স্থাপন কৰাৰ পৰা বিৰত থকা উচিত, বিশেষকৈ বুজুর্গসকলৰ মূৰ্ত্তি।
চয়তানৰ ষড়যন্ত্র আৰু সত্যৰ ৰূপত বাতিলক উপস্থাপন কৰাৰ পৰা সতর্ক থকা উচিত।
বিদ‘আত আৰু কুসংস্কাৰৰ পৰা বিৰত থকা উচিত, যদিও ইয়াৰ উদ্দেশ্য ভাল নহওক কিয়।
মূৰ্ত্তি হৈছে শ্বিৰ্কত উপনীত হোৱাৰ মাধ্যম। গতিকে প্রাণীৰ মূৰ্ত্তি নিৰ্মাণ কৰাৰ পৰা বিৰত থকা ওৱাজিব।
ইল্ম বা জ্ঞানৰ মূল্য বুজি পোৱা উচিত আৰু ইল্ম নথকাৰ ক্ষতি সম্পৰ্কে জনা উচিত।
ইল্ম নাইকিয়া হোৱাৰ অন্যতম কাৰণ হৈছে উলামাসকলৰ মৃত্যু।
অন্ধ অনুকৰণৰ পৰা বাচি থকা উচিত। কেতিয়াবা কেতিয়াবা এইটোৱে মানুহক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে।
পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো শ্বিৰ্কৰ উপস্থিতি আছিল।
উল্লেখিত নাম পাঁচটা হৈছে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ উপাস্য।
বাতিলপন্থীসকলে বাতিলৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত কান্ধ মিলাই চলে আৰু ইজনে সিজনক সহায় কৰে।
সামগ্রীকভাৱে কাফিৰসকলৰ ওপৰত অভিসম্পাত কৰা বৈধ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

