HadeethEnc · 1.16.0
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আদায় কৰিছিল তেতিয়া তেখেতে দুয়ো বাহু ইমানখিনি প্ৰসাৰিত কৰিছিল যে, তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা গৈছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আব্দুল্লাহ বিন মালিক ইবনে বুহাইনাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আদায় কৰিছিল তেতিয়া তেখেতে দুয়ো বাহু ইমানখিনি প্ৰসাৰিত কৰিছিল যে, তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা গৈছিল।
02
Explanation
অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছাজদাহ কৰিছিল তেতিয়া তেখেতে দুয়ো বাহু প্ৰসাৰিত কৰি ৰাখিছিল। প্ৰতিটো বাহু কাষৰ পৰা দূৰৈত ৰাখিছিল। আনকি কাষলতিৰ শুভ্ৰতা দেখা গৈছিল। কাষলতিৰ পৰা দুয়ো বাহুক আঁতৰাই ৰখাৰ ক্ষেত্ৰত এই হাদীটোত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।
03
Benefits
ছাজদাৰ এই অৱস্থাটো হৈছে মুস্তাহাব। অৰ্থাৎ কাষলতিৰ পৰা দুয়ো বাহুক আঁতৰাই ৰখা।
যদি দুয়োফালে থকা ব্যক্তিৰ অসুবিধা হয় তেন্তে মুক্তাদিৰ বাবে এইটো কৰা বৈধ নহয়।
ছাজদাত দুয়ো বাহু প্ৰসাৰিত কৰাৰ অন্যতম কেইটামান উপকাৰিতা, যেনে- সক্ৰিয়তা প্ৰদৰ্শন, চালাতৰ প্ৰতি আগ্ৰহ, ছাজদাৰত অৱস্থাত ছাজদাৰ প্ৰতিটো অংগত ভৰ কৰিলে প্ৰতিটো অংগৰ ইবাদতৰ দায়িত্ব পালন হ'ব। এই কথাও কোৱা হৈছে যে, ইয়াৰ হিকমত হৈছে, ইয়াৰ ফলত অধিক বিনীত হোৱা যায়, কাৰণ কপাল আৰু নাক আদিও মাটিত থাকে। এইকাৰণেও যে, যাতে প্ৰতিটো অংগ পৃথকে পৃথকে থাকে।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares