HadeethEnc · 1.16.0
যিয়ে কোনো এনেকুৱা কুকুৰ লালন-পালন কৰে, যিটো চিকাৰ কৰাৰ বাবেও ব্যৱহাৰ নহয় আৰু পোহনীয়া পশুৰ সুৰক্ষাৰ বাবেও ব্যৱহাৰ নহয়, তেনে ব্যক্তিৰ আমলৰ পৰা দৈনিক দুই কিৰাতকৈ ছোৱাব হ্ৰাস কৰা হয়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে কোনো এনেকুৱা কুকুৰ লালন-পালন কৰে, যিটো চিকাৰ কৰাৰ বাবেও ব্যৱহাৰ নহয় আৰু পোহনীয়া পশুৰ সুৰক্ষাৰ বাবেও ব্যৱহাৰ নহয়, তেনে ব্যক্তিৰ আমলৰ পৰা দৈনিক দুই কিৰাতকৈ ছোৱাব হ্ৰাস কৰা হয়।" ছালিমে কৈছে, আবু হুৰাইৰাহ এই কথাও কৈছিল যে, "অথবা যিটোৰ দ্বাৰা খেতি-বাতিৰ চোৱাচিতাও কৰা নহয়।" কিয়নো আবু হুৰাইৰাহ আছিল এজন খেতিয়ক।
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কুকুৰ পোহ পাল দিয়াৰ ক্ষেত্ৰত সতৰ্ক কৰিছে। কিন্তু বিশেষ প্ৰয়োজন হ'লে যেনে- চিকাৰ কৰিবলৈ, খেতি-বাতি আৰু পশু আদিৰ চোৱাচিতা কৰিবলৈ পুহিব পাৰে। ইয়াৰ বাহিৰে বিনা কাৰণত কুকুৰ পুহিলে দৈনিক নিজৰ আমলৰ পৰা দুই কিৰাতকৈ ছোৱাব হ্ৰাস হয়। আল্লাহৰ ওচৰত এইটো হৈছে এটা নিৰ্দিষ্ট পৰিমাণ।
03
Benefits
কেৱল বিশেষ কেইটামান কাৰণৰ বাহিৰে, মুছলিমৰ বাবে কুকুৰ পোহা বৈধ নহয়।
কুকুৰ পুহিবলৈ এইকাৰণে নিষেধ কৰা হৈছে যে, ইয়াত বহুতো ক্ষতি আছে। উদাহৰণস্বৰূপে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত আছে যে, যি ঘৰত কুকুৰ থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা প্ৰৱেশ নকৰে। কাৰণ তাত এনেকুৱা নাজাছাত তথা অপৱিত্ৰতা থাকে, যিটো মাটিৰে ঘঁহি পানীৰে নোধোৱালৈকে পৱিত্ৰ নহয়।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares