افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#11231[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকৰ মাজৰ কাৰোবাৰ যদি নামাজত সন্দেহ হয়, তেওঁ যদি থিৰাং কৰিব নোৱাৰে যে, কিমান ৰাকাত পঢ়িছে তিনি ৰাকাত নে চাৰি ৰাকাত? তেন্তে তেওঁ সন্দেহক পৰিহাৰ কৰি নিশ্চিত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামাজ অব্যাহত ৰখা উচিত। ইয়াৰ পিছত ছালাম ফিৰোৱাৰ আগত দুটা ছাজদাহ কৰি লোৱা উচিত।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কাৰোবাৰ যদি নামাজত সন্দেহ হয়, তেওঁ যদি থিৰাং কৰিব নোৱাৰে যে, কিমান ৰাকাত পঢ়িছে তিনি ৰাকাত নে চাৰি ৰাকাত? তেন্তে তেওঁ সন্দেহক পৰিহাৰ কৰি নিশ্চিত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামাজ অব্যাহত ৰখা উচিত। ইয়াৰ পিছত ছালাম ফিৰোৱাৰ আগত দুটা ছাজদাহ কৰি লোৱা উচিত। যদি তেওঁ পাঁচ ৰাকাত পঢ়িছে তেন্তে এই ছাজদাই তেওঁৰ নামাজক যুগ্ম সংখ্যাত পৰিণত কৰাব। আনহাতে যদি চাৰি ৰাকাত সম্পূৰ্ণৰূপে পঢ়িছে তেন্তে এই ছাজদাহ হ'ব চয়তানক অপমানিত কৰাৰ কাৰণ।"
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজত মুচল্লীৰ যদি সন্দেহ হয়, অৰ্থাৎ তিনি ৰাকাত পঢ়িছে নে চাৰি ৰাকাত পঢ়িছে সেয়া যদি থিৰাং কৰিব নোৱাৰে তেন্তে সন্দেহ হোৱা সংখ্যাক বাদ দি নিশ্চিত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামাজ সম্পূৰ্ণ কৰা উচিত। গতিকে এই ক্ষেত্ৰত তিনি ৰাকাত হৈছে নিশ্চিত সংখ্যা, ইয়াৰ পিছত চতুৰ্থ ৰাকাত পঢ়ি দুটা ছাজদাহ কৰি ছালাম ফিৰাব লাগিব।

আনহাতে সঁচাই যদি চাৰি ৰাকাত পঢ়িছে, তেন্তে অতিৰিক্ত পঢ়া ৰাকাতটো হ'ব পঞ্চম ৰাকাত, লগতে ছাজদায়ে ছাহু আন এটা ৰাকাত হিচাপে গণ্য হ'ব। গতিকে এইটো যুগ্ম সংখ্যা হৈ যাব, অযুগ্ম নহয়। আনহাতে অতিৰিক্ত ৰাকাতটো যদি চতুৰ্থ ৰাকাত হয় তেন্তে এইটো কোনো কম বেছি নোহোৱাকে পৰিপূৰ্ণ সংখ্যা গণ্য হ'ব।

এই ক্ষেত্ৰত ছাজদায়ে ছাহু হ'ব চয়তানৰ লাঞ্ছনাৰ কাৰণ, আৰু তাৰ প্ৰতি এটা প্ৰত্যুত্তৰ যে, সি নিজৰ উদ্দেশ্যত সফল হ'ব পৰা নাই। কিয়নো সি তেওঁৰ চালাতক বিনষ্ট কৰিব বিচাৰিছিল, কিন্তু বান্দাই আল্লাহৰ আদেশ পালন কৰি ছাজদাহ কৰিছে, যিটো ছাজদাক ইবলিছে নসাৎ কৰিছিল, যেতিয়া আল্লাহে আদমক ছাজদাহ কৰিবলৈ নিৰ্দেশ দিছিল।
03

Benefits

মুচল্লীয়ে যদি নামাজত সন্দেহৰ বশৱৰ্তী হয় তথা দুটা বিষয়ত দ্বিধাগ্ৰস্ত হয়, তেন্তে সন্দেহ যুক্ত বিষয়টোক পৰিত্যাগ কৰি নিশ্চিত বিষয়টোক গ্ৰহণ কৰা উচিত। অৰ্থাৎ কম সংখ্যাক গ্ৰহণ কৰা উচিত। তেতিয়াহে তেওঁৰ চালাত সম্পূৰ্ণ হ'ব আৰু ছালাম ফিৰোৱাৰ আগত ছাজদায়ে ছাহু কৰি লোৱা উচিত।
এই ছাজদাহ দুটা হৈছে নামাজৰ ত্ৰুটি দূৰ কৰা আৰু চয়তানক তাৰ উদ্দেশ্য পূৰণৰ পৰা দূৰ কৰি লাঞ্ছিত অপমানিত কৰাৰ উপায়।
হাদীছটোত উল্লিখিত সন্দেহৰ দ্বাৰা দ্বিধাগ্ৰস্ত হোৱাক বুজোৱা হৈছে। এতেকে সন্দেহ যিফালে বেছি হ'ব সেইটোক পৰিত্যাগ কৰি আমল কৰা উচিত।
সন্দেহ তথা কুমন্ত্ৰণাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আৰু চৰীয়তৰ নিৰ্দেশনা মতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...