HadeethEnc · 1.16.0
হাছান আৰু হুছেইন হৈছে জান্নাতৰ যুৱকসকলৰ চৰ্দাৰ।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হাছান আৰু হুছেইন হৈছে জান্নাতৰ যুৱকসকলৰ চৰ্দাৰ।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ দুয়ো নাতি অৰ্থাৎ আলী ইবনে আবি তালিব আৰু ফাতিমা বিন্তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুত্ৰ সম্পৰ্কে হাদীছটোত কৈছে যে, যুৱক অৱস্থাত মৃত্যুবৰণ কৰা প্ৰতিজন জান্নাতী লোকৰ তেওঁলোক দুজন হ'ব চৰ্দাৰ। নাইবা নবীসকল আৰু খুলাফায়ে ৰাশ্বিদীনৰ বাহিৰে সকলো জান্নাতী যুৱকৰে তেওঁলোক চৰ্দাৰ হ'ব।
03
Benefits
হাদীছটোত হাছান আৰু হুছেইন ৰাদ্বিয়াল্লাহু আনহুমাৰ স্পষ্ট মৰ্যাদা বৰ্ণিত হৈছে।
এই হাদীছটোৰ অৰ্থত কোৱা হৈছে যে, হাছান আৰু হুছেইন হৈছে সেই সময়ৰ জান্নাতী যুৱকসকলৰ চৰ্দাৰ, অথবা ইয়াৰ অৰ্থ এইটো হ’ব পাৰে যে, তেওঁলোক হৈছে সেইসকল লোকতকৈ উত্তম, যিসকলৰ বিষয়ে কোনো সাধাৰণ ফজিলতো প্ৰমাণিত নাই, যেনে- নবী আৰু খলিফাসকলৰ বাহিৰে অন্যান্য লোকসকল। নাইবা ইয়াৰ অৰ্থ এইটোও হ’ব পাৰে যে, তেওঁলোক হৈছে সেইসকল ব্যক্তিৰ চৰ্দাৰ যিসকলৰ ভিতৰত যুৱকৰ গুণ আছে, যেনে- ভদ্ৰতা, উদাৰতা, আৰু সাহসিকতা আদি। ইয়াত কেৱল যুৱক অৱস্থাৰ বয়স উল্লেখ হোৱা নাই, কিয়নো হাছান আৰু হুছেইন বৃদ্ধাৱস্থাত পৃথিৱীৰ পৰা বিদায় লৈছিল।

Attribution
[(তিৰমিজী, আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares