যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।"
Explanation
৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব। অৰ্থাৎ আল্লাহক সকলো প্ৰকাৰৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰিব।
৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব। অৰ্থাৎ মুহাব্বত আৰু সন্মান সহকাৰে আল্লাহৰ পূৰ্ণাংগ গুণাৱলীৰ প্ৰশংসা কৰিব।
এইদৰে ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব। অৰ্থাৎ এই কথা ঘোষণা কৰিব যে, আল্লাহ সকলোতকৈ মহান।
লগতে এশ সম্পূৰ্ণ কৰিবলৈ এই দুআ পাঠ কৰিব। লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। পৰিপূৰ্ণ ৰাজত্বৰ অধিকাৰী একমাত্ৰ তেৱেঁই। মুহাব্বত আৰু সন্মানসহ সকলো ধৰণৰ প্ৰশংসাও একমাত্ৰ তেওঁৰেই, তেওঁৰ বাহিৰে কোনেও ইয়াৰ যোগ্য নহয়। মহান তথা সৰ্বশক্তিমান সত্ত্বা সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। কোনেও তেওঁক অপাৰগ কৰিব নোৱাৰে।
যিয়ে এইটো পাঠ কৰিব, তাৰ গুনাহসমূহ মোচন কৰি দিয়া হ'ব আৰু তাক ক্ষমা কৰি দিয়া হ'ব। যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ঢৌত ভাহি অহা ফেনৰ সমান হয়।
Benefits
এই দুআটো হৈছে গুনাহ মাৰ্জনাৰ অন্যতম উপায়।
হাদীছটো আল্লাহৰ মহা অনুগ্ৰহ, তেওঁৰ ৰহমত আৰু মাগফিৰাতৰ প্ৰমাণ।
এই দুআটো হৈছে গুনাহ মোচনৰ অন্যতম উপায়। ইয়াৰ দ্বাৰা সৰু গুনাহ মোচন হোৱাৰ কথা কোৱা হৈছে। আনহাতে কবীৰাহ গুনাহ, তাওবা নকৰাকৈ মোচন নহয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

