HadeethEnc · 1.16.0
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
02
Explanation
আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ছুন্নতত যিবোৰ বিষয়ৰ অনুমোদন দিছিল, তাৰ মাজত এইটোও আছে যে, বিশেষকৈ ফজৰৰ আজানত মুআজ্জিনে "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি কোৱা।
03
Benefits
হাদীছৰ শব্দ (من السنة) অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত। সেয়ে ইয়াৰ বিধান হৈছে মাৰফু। অৰ্থাৎ এই নিৰ্দেশনাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সম্পৃক্ত।
ফজৰৰ আজানত "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি দুবাৰকৈ কোৱা মুস্তাহাব। কাৰণ ফজৰৰ নামাজ সাধাৰণতে এনেকুৱা সময়ত পঢ়া হয় যিটো সময়ত অধিকাংশ মানুহ টোপনিত থাকে আৰু টোপনিৰ পৰা উঠি নামাজ পঢ়িবলগীয়া হয়। সেয়ে ইয়াৰ দ্বাৰা ফজৰৰ নামাজক অন্যতম এটা বিশেষত্ব প্ৰদান কৰা হৈছে যিটো বেলেগ কোনো নামাজক দিয়া হোৱা নাই।

Attribution
[رواه ابن خزيمة والدارقطني والبيهقي]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares