افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10604[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উকবা বিন আমিৰ আল-জুহানী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। সূৰ্য্য উদয় হোৱাৰ সময়ত, যেতিয়ালৈকে সূৰ্য্য ওপৰলৈ নুঠে। এইদৰে দুপৰীয়া যেতিয়া সূৰ্য্য মূৰৰ ওপৰত থাকে, যেতিয়ালৈকে সূৰ্য্য ঢাল নাখায়। এইদৰে যেতিয়া সূৰ্য্য ডুবিবলৈ ঢাল খায়, যেতিয়ালৈকে পৰিপূৰ্ণৰূপে ডুবি নাযায়।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনৰ তিনিটা সময়ত নফল নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। প্ৰথম সময়টো হৈছেঃ যেতিয়া সূৰ্য্য উদয় হয়। এইটো হৈছে উদয় হোৱাৰ পৰা এক বৰ্শা পৰ্যন্ত ওপৰলৈ নুঠালৈকে। প্ৰায় পোন্ধৰ মিনিট মান সময়। দ্বিতীয় সময়ঃ দুপৰীয়া সূৰ্য্য যেতিয়া মূৰৰ ওপৰত থাকে। যেতিয়া ছাঁ পূৱফালেও ঢাল নাখায় আৰু পশ্চিমফালেও নহয়, বৰং আকাশৰ মাজত থাকে। যেতিয়া ছাঁ পূৱফালে ঢাল খায়, তেতিয়া জোহৰৰ সময় আৰম্ভ হয়। এই নিষিদ্ধ সময়ছোৱা হৈছে একেবাৰে সংকীৰ্ণ সময়। প্ৰায় পাঁচ মিনিটমান সময়। তৃতীয় সময়টো হৈছেঃ সূৰ্য্য যেতিয়া ডুবিবলৈ ধৰে। পৰিপূৰ্ণৰূপে অস্ত নোযোৱালৈকে কোনো নফল নামাজ পঢ়া উচিত নহয়।
03

Benefits

এইটো হাদীছ আৰু ইয়াৰ বাহিৰেও অন্যান্য হাদীছৰ দ্বাৰা প্ৰমাণিত যে, কেইটামান সময়ত নফল নামাজ পঢ়া নিষিদ্ধ, সেই সময় কেইটা হৈছে: প্ৰথমঃ ফজৰৰ পিছৰ পৰা সূৰ্য্য উদয় নোহোৱালৈকে। দ্বিতীয়ঃ সূৰ্য্য উদয় হোৱাৰ সময়ত, যেতিয়ালৈকে সূৰ্য্য এক বৰ্শা পৰিমাণ ওপৰলৈ নুঠে, অৰ্থাৎ সূৰ্য্য উদয় হোৱাৰ প্ৰায় পোন্ধৰ মিনিট পিছতহে পঢ়িব পাৰে। তৃতীয়ঃ দুপৰীয়াৰ সময়ত, যেতিয়া সূৰ্য্য একেবাৰে মূৰৰ ঠিক ওপৰত থাকে, আৰু ছাঁ পূৱফালে বা পশ্চিমফালে ঢাল নাখায়। এই সময়ছোৱাৰ পৰিমাণ হৈছে প্ৰায় পাঁচ মিনিট মান। চতুৰ্থঃ আচৰ নামাজৰৰ পিছৰ পৰা সূৰ্য্য অস্ত নোযোৱালৈকে। পঞ্চমঃ সূৰ্য্য হালধীয়া বৰণ হোৱাৰ পৰা অস্ত যোৱালৈকে।
এই পাঁচটা সময়ত নফল নামাজ পঢ়িবলৈ নিষেধ কৰা হৈছে। কিন্তু ফৰজ নামাজ অথবা কাৰণবশতঃ নামাজসমূহ পঢ়াত কোনো অসুবিধা নাই।
হাদীছটোত উল্লিখিত এই তিনিটা নিৰ্ধাৰিত সময়লৈকে জানি বুজি মুৰ্দা দাফন কৰিবলৈ পলম কৰাটো নিষিদ্ধ। অথচ ইয়াৰ বাহিৰে দিনে ৰাতি যিকোনো সময়তে মুৰ্দা দাফন কৰাৰ অনুমতি আছে।
এই সময়বোৰত নফল নামাজ পঢ়িবলৈ নিষেধ কৰাৰ অন্যতম এটা কাৰণ হৈছে এই যে, প্ৰতিজন মুছলিমে আল্লাহৰ আদেশৰ সন্মুখত আত্মসমৰ্পণ কৰা উচিত আৰু তেওঁৰ নিষেধাজ্ঞাৰ পৰা বিৰত থকা উচিত। যদিও সেই আদেশ নিষেধৰ হিকমত বুজি পাওক বা নাপাওক। ইয়াৰ বাহিৰেও অন্যান্য হাদীছত ইয়াৰ কাৰণ উল্লেখ হৈছে। প্ৰথমঃ দুপৰীয়া সূৰ্য্য ঢাল খোৱাৰ আগত, সূৰ্য্য যেতিয়া মূৰৰ ওপৰত থাকে, সেই সময়ছোৱাত জাহান্নামৰ অগ্নীক প্ৰচণ্ডৰূপে উত্তপ্ত কৰা হয় (এইকাৰণে এই সময়ছোৱাত মুৰ্দা দাফন কৰিবলৈ আৰু নফল নামাজ আদায় কৰিবলৈ নিষেধ কৰা হৈছে)। দ্বিতীয়ঃ সূৰ্য্য উদয় হোৱাৰ সময়ত আৰু সূৰ্য্য অস্ত যোৱাৰ সময়ত নামাজ পঢ়িবলৈ নিষেধ কৰাৰ কাৰণ হৈছে, ইয়াৰ দ্বাৰা মুশ্বৰিকসকলৰ সৈতে সাদৃশ্যতাৰ উমান পোৱা যায়। কিয়নো সিহঁতে সূৰ্য্য উদয় হোৱাৰ সময়ত আৰু অস্ত যোৱাৰ সময়ত সূৰ্য্যক ছাজদাহ (সাষ্টাংগ প্ৰণাম) কৰে। তৃতীয়ঃ ফজৰৰ পিছৰ পৰা সূৰ্য্য উদয় হোৱালৈকে আৰু আচৰৰ পিছত সূৰ্য্য অস্ত যোৱালৈকে নফল নামাজ পঢ়িবলৈ এইকাৰণে নিষেধ কৰা হৈছে যে, যাতে কাফিৰসকলৰ সৈতে মুছলিমসকলৰ কোনো ধৰণৰ সাদৃশ্যতা নাথাকে। এই আশংকাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। কিয়নো সিহঁতে সূৰ্য্য উদয় হোৱাৰ সময়ত আৰু অস্ত যোৱাৰ সময়ত সূৰ্য্যক পূজা পাঠ কৰে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...