Home » Téléchargements » 96 ইছলাম الآسامية Assamese اسامية » (নুবুওৱতৰ প্ৰমাণিকতা) আৰু (নুবুওৱতৰ প্ৰতীক) J ـ আল কোৰআনুল কাৰীম

(নুবুওৱতৰ প্ৰমাণিকতা) আৰু (নুবুওৱতৰ প্ৰতীক) J ـ আল কোৰআনুল কাৰীম

FileAction
photo_2024-02-26_17-41-11.jpgDownload
دلائل_النبوة_القرآن_الكريم_الآسامية.docxDownload
(নুবুওৱতৰ প্ৰমাণিকতা) আৰু (নুবুওৱতৰ প্ৰতীক)
আল কোৰআনুল কাৰীম
ইয়াহয়া ইবনে আখথামে কৈছে: যি সময়ত মামুন আমিৰ আছিল তেতিয়া তেওঁ এখন পৰিষদৰ সভাৰ আয়োজন কৰিলে। সেই সভাত এজন ইয়াহুদী ব্যক্তিও উপস্থিত আছিল। তেওঁৰ শৰীৰত সুন্দৰ সাজ-পোছাক আছিল আৰু ভাল সুগন্ধিও ব্যৱহাৰ কৰিছিল। সেই ইয়াহুদীজনে বাকপটুতাৰে কথা কৈছিল।

য়াহয়া বিন আখথামে কৈছেঃ যেতিয়া সমাৱেশ শেষ হ’ল, তেতিয়া মামুনে তেওঁক মাতি সুধিলে: আপুনি ইজৰাইলী নেকি? – অৰ্থাৎ ইয়াহুদী নেকি?

তেওঁ উত্তৰত ক’লে: হয়।

মামুনে ইয়াহুদীজনক ক’লে: আপুনি মুছলমান হওক আৰু মই আপোনাক ভাল কিবা এটা প্ৰদান কৰিম, যিটো আপোনাৰ কাৰণেও ভাল হ’ব– লগতে তেওঁ ইয়াহুদীজনক আৰু কেইবাটাও ভাল প্ৰতিশ্ৰুতি দিলে যে, যদি তেওঁ ইছলামত প্ৰৱেশ কৰে তেন্তে তেওঁক সেইবোৰ দিয়া হ’ব।

ইয়াহুদীজনে উত্তৰ দিলে- মই মোৰ ধৰ্ম আৰু মোৰ পূৰ্বপুৰুষৰ ধৰ্মৰ ওপৰতে থাকিব বিচাৰোঁ। তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা গুচি গ’ল।

বৰ্ণনাকাৰীয়ে কৈছেঃ এবছৰৰ পাছত সেই ইয়াহুদীজন আমাৰ ওচৰলৈ মুছলিম হৈ আহিল। তাৰ পিছত তেওঁ ফিকহ আৰু হাদীছৰ কথা ক’বলৈ ধৰিলে – আৰু তেওঁৰ বক্তৃতাও আছিল খুবেই উন্নতমানৰ।

যেতিয়া সমাৱেশ শেষ হ’ল, তেতিয়া মামুনে তেওঁক মাতিলে আৰু ক’লে: আপুনি সেইজন ব্যক্তিনে, যাক আমি ইয়াৰ আগত এবাৰ লগ পাইছিলোঁ?

তেওঁ উত্তৰ দিলে: হয়।

মামুনে তেওঁক সুধিলে: আপুনি মুছলিম কেনেকৈ হ’ল?

সেই মানুহজনে উত্তৰ দিলে: শুনক, প্ৰথমে “আল্লাহু আকবাৰ” (আল্লাহ সৰ্বশ্ৰেষ্ঠ) বুলি কওক।

সেইদিনা যেতিয়া মই আপোনাৰ সমাৱেশৰ পৰা গুচি গ’লোঁ, তেতিয়া মই এই ধৰ্মবোৰক পৰীক্ষা কৰিবলৈ মনস্থ কৰিলোঁ। মোৰ লিখাৰ দক্ষতাও ভাল। সেয়ে তাওৰাতৰ এটা কপি লৈ সেইখনৰ আৰু তিনিটা কপি লিখি উলিয়াই দিলোঁ কিন্তু তাত কিছু অংশ যোগ কৰিলোঁ আৰু কিছু অংশ আঁতৰাই দিলোঁ। মই এই কপিবোৰলৈ ইয়াহুদী উপাসনালয় লৈ গ’লোঁ, য’ত তেওঁলোকে মোৰ পৰা এই কপিবোৰ কিনিছিল, যদিও তেওঁলোকে পঢ়া নাছিল আৰু পৰ্যালোচনাও কৰা নাছিল।

এইদৰে মই বাইবেলৰ এটা কপিলৈ সেইটোৰ পৰা তিনিটা কপি লিখি উলিয়ালোঁ, লগতে তাত কিছু অংশ যোগ কৰিলোঁ আৰু কিছু অংশ আঁতৰাই দিলোঁ। মই এই কপিবোৰলৈ গীৰ্জা ঘৰলৈ গ’লোঁ, য’ত তেওঁলোকে মোৰ পৰা এই কপিবোৰ কিনিছিল, কিন্তু সিহঁতেও এইবোৰ পঢ়া নাছিল আৰু পৰ্যালোচনাও কৰা নাছিল।

ইয়াৰ পিছত মই কোৰআনৰ এটা কপি সংগ্ৰহ কৰিলোঁ, আৰু সেইখনৰ তিনিটা কপি লিখি উলিয়ালোঁ, লগতে তাত কিছু অংশ যোগ কৰিলোঁ আৰু কিছু অংশ আঁতৰাই দিলোঁ। মই এইবোৰ লৈ মুছলিম লেখকসকলৰ ওচৰলৈ গ’লোঁ, কিন্তু তেওঁলোকে ক’লে যে যেতিয়ালৈকে তেওঁলোকে এইবোৰ পঢ়ি পৰ্যালোচনা নকৰিব, তেতিয়ালৈকে তেওঁলোকে এইবোৰ গ্ৰহণ নকৰিব। ইয়াৰ পিছত লেখকসকলে সেই কপিবোৰ পঢ়ি গোটেইবোৰ ভুল আৱিষ্কাৰ কৰিলে– তাত যি যি আঁতৰাই দিয়া হৈছিল আৰু যি যি সংযোজন কৰা হৈছিল-। ইয়াৰ পিছত তেওঁলোকে মোৰ সেই কপিবোৰ জ্বলাই দিলে আৰু মোক প্ৰায় প্ৰাণে মাৰিবলৈ ধৰিছিল। তেতিয়া মই গম পালোঁ যে, এইখন (কোৰআন) আল্লাহৰ দ্বাৰা সংৰক্ষিত কিতাব। গতিকে এই কাৰণেই মই ইছলাম গ্ৰহণ কৰি মুছলমান হৈছোঁ।