জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি

জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি

এই দিন কেইটাক আমি কেনেকৈ আঁদৰিম?

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত (জুলহিজ্জা মাহৰ আৰম্ভণিৰ) এই দিনবোৰত কৰা নেক আমলবোৰ আটাইতকৈ উত্তম৷
প্ৰশ্ন কৰা হ’লঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত কৰা জিহাদো ইয়াতকৈ উত্তম নহয় নেকি?
তেখেতে ক’লেঃ হয় জিহাদো ইয়াতকৈ উত্তম নহয়৷ কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যিয়ে জান মাল লৈ জিহাদত গৈছে কিন্তু একোৱে লৈ উভতি অহা নাই৷

নেক আমলৰ ভিতৰত সকলো প্ৰকাৰ ইবাদত অন্তৰ্ভুক্ত৷
ৰোজা, নামাজ, হজ্জ, জিকৰ-আজকাৰ, তাকবীৰ, কোৰআন তিলাৱত, কল্যাণৰ পথত ব্যয় কৰা ইত্যাদি৷

এই দিনবোৰত কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ আমল হৈছেঃ

১) ঈদৰ দিনৰ বাহিৰে বাকী দিন কেইটাত ৰোজা ৰখা৷
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ন জিল হিজ্জালৈকে ৰোজা ৰাখিছিল৷
বিশেষকৈ আৰাফাৰ দিনা৷ আৰাফাৰ ৰোজাৰ ফলত দুই বছৰৰ গুনাহ ক্ষমা কৰা হয়৷

২) হজ্জঃ এই দিনবোৰৰ আটাইতকৈ উত্তম আমল হৈছে হজ্জ৷ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হজ্জে মাবৰূৰৰ প্ৰতিদান হৈছে একমাত্ৰ জান্নাত৷

৩) কুৰবানী, এইটো এটা গুৰুত্বপূৰ্ণ ছুন্নত৷ গতিকে যিয়ে কুৰবানী কৰাৰ নিয়্যত কৰিছে তাৰ বাবে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে চুলি নখ আদি কটা উচিত নহয়৷

৪) বেছি বেছি তাকীবৰ (আল্লাহু আকবাৰ) তাহলীল (লা ইলাহা ইল্লাল্লাহ) তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰা৷
এনেকৈ পাঠ কৰিবঃ

আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, লা ইলাহা ইল্লাল্লাহ,আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, অলিল্লাহিল হাম্দ৷

عشر ذي الحجة